Lummer dai biography of michael jordan
লুম্মেৰ দাই
লুম্মেৰ দাই (ইংৰাজী: Lummer-Dai) অৰুণাচল প্ৰদেশৰ পটভূমিত অসমীয়া ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া।[2] তেওঁ আছিল মূলত এগৰাকী অসমীয়া জনজাতীয় লেখক। তেওঁ ৰচনাত জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ ছবিহে বেছিকৈ উজলি উঠিছে।[2]
জন্ম
[সম্পাদনা কৰক]১৯৪০ চনৰ ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ চিলুক গাঁৱত। পিতৃৰ নাম আছিল জবো দাই আৰু মাতৃ কমছাক দাই আছিল অৰুণাচলৰ আদি জনগোষ্ঠীৰ লোক।[2][3]
শিক্ষা
[সম্পাদনা কৰক]লুম্মেৰ দাইৰ পিতৃ-মাতৃ অনাক্ষৰী হ'লেও পুত্ৰক শিক্ষাৰ পোহৰৰ বাট দেখুৱাই নাম লগাই দিছিল চিলুক প্ৰাথমিক বিদ্যালয়ত। ১৯৫০ চনত তেওঁ পাছিঘাট মিডল স্কুলত নামভৰ্তি কৰিছিল। ১৯৫৯ পাছিঘাট হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯৫৯ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যায়তনিক তীৰ্থস্বৰূপ কটন মহাবিদ্যালয়ত আই এ মহলাত ভৰ্ত্তি হ'ল কিন্তু ১৯৬১ চনত আই এ পৰীক্ষাত কৃতকাৰ্য্য হ'ব নোৱাৰিলে ফলত চৰকাৰী বৃত্তি লাভৰ পৰা বঞ্চিত হয়। শ্বিলঙৰ নেফা সচিবালয়ত ৰেকৰ্ড কীপাৰৰ চাকৰি এটা যোগাৰ কৰি পঢ়াৰ খৰচ উলিয়াই ১৯৬২ চনত ইণ্টাৰমেডিয়েট পাছ কৰিলে। ১৯৬৬ চনত ইংৰাজী সাহিত্যত অনাৰ্চ লৈ শ্বিলঙৰ ছেইণ্ট এডমণ্ডচ কলেজৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰিলে। তাৰ পিচত গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত যোগদান কৰিছিল যদিও চূড়ান্ত পৰীক্ষাত নিদিলে আৰু শিক্ষা জীৱনৰ সামৰণি পেলাইছিল।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬৯ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা ঘোষক হিচাপ কৰ্মজীৱনৰ পাতনি মেলে। ১৯৭৩ চনত ব'মডিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাবে যোগদান কৰিছিল। একেটা বিভাগতেই ১৯৭৯ চনত সহকাৰী নিৰ্দেশক, ১৯৮১ চনত উপ-নিৰ্দেশক আৰু শেষত ১৯৮৩ চনত নিৰ্দেশক হিচাবে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে।[4]
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]প্ৰাথমিক স্কুলত পঢ়োঁতেই উমেশ্বৰ দলে নামৰ এজন শিক্ষকৰ তত্ত্বাৱধানত লুম্মেৰ দাইয়ে সাহিত্য-চৰ্চাৰ প্ৰেৰণা লাভ কৰে আৰু তেওঁৰ অনুপ্ৰেৰণাত প্ৰথম প্ৰবন্ধ লিখিছিল। ছাত্ৰ অৱস্থাতে 'গিৰিবাণী' নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ কৰে। তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰ আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ যোগেদি ৰামধেনুলৈ বিভিন্ন প্ৰবন্ধপাতি প্ৰকাশ পায়।[4][5]
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- ১৯৫৯ চনত অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত 'উদয়াচলৰ সাধু' নামে সাধু পুথি
- ১৯৬১ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত প্ৰথম উপন্যাস 'পাহাৰৰ শিলে শিলে'[2]
- ১৯৬৩ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত দ্বিতীয় উপন্যাস 'পৃথিৱীৰ হাঁহি'[2]
- ১৯৬৭ চনত দত্ত বৰুৱা এণ্ড কোম্পানী দ্বাৰা প্ৰকাশিত তৃতীয় উপন্যাস 'মন আৰু মন'[2]
- ১৯৭৮ চনত তিনিচুকীয়াৰ মিত্ৰ এজেন্সীৰ দ্বাৰা প্ৰকাশিত চতুৰ্থ উপন্যাস 'কইনাৰ মূল্য'[2]
- ২০০৩ চনত প্ৰকাশিত 'ওপৰ মহল'[2]
মৃত্যুৰ পিছত আৰু দুখন গ্ৰন্থ বিকাশজ্যোতি বৰুৱাৰ যত্নত প্ৰকাশ পায় তলত উল্লেখ কৰা দুখন গ্ৰন্থ―
- 'এটি তপত স্মৃতি' (গল্প সংকলন) আৰু
- 'সাত ভাইৰ মনোবল ৰাইজৰ তপোবল হওক' (প্ৰবন্ধ সংকলন)
বঁটা
[সম্পাদনা কৰক]- ১৯৬৩ চনত 'পাহাৰৰ শিলে শিলে' উপন্যাসৰ বাবে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী (নেফা)-ৰ পৰা বিশেষ প্ৰশংসা পত্ৰ লাভ কৰে।
- ১৯৬৩ চনত 'পৃথিৱীৰ হাঁহি'ৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।[6]
- ১৯৭০ চনত 'মন আৰু মন' উপন্যাসৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক মাতৃভাষাৰ বাদেও আন ভাষা চৰ্চা কৰা প্ৰথম পৰ্যায়ৰ সাহিত্যিক বুলি সম্বৰ্দ্ধনা জনায়।[6]
- ১৯৮৬ চনত অসম সাহিত্য সভাই 'কইনাৰ মূল্য'ৰ বাবে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা আৰু 'মন আৰু মন' ৰ বাবে হৰিপ্ৰসাদ নেওগ মেম্ৰিয়েল মুদ্ৰণ আৰু অলংকৰণ বঁটা প্ৰদান কৰে।[6]
- ২০০৫ চনত লখিমপুৰৰ নতুন সুৰ গোষ্ঠীয়ে মৰণোত্তৰভাৱে 'সাহিত্যজ্যোতি' বঁটা আগবঢ়ায়।
মৃত্যু
[সম্পাদনা কৰক]২০০২ চনৰ ৫ এপ্ৰিলত লুম্মেৰ দাইৰ ৬২ বছৰ বয়সত মৃত্যু হয়।[3]
সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা
[সম্পাদনা কৰক]অসম সাহিত্য সভাই ২০০৯ চনৰ পৰা সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে।[7]